ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োগৰাকীক অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমোদিত ৩০টা পদৰ বিপৰীতে বর্তমান ২৪গৰাকী ন্যায়াধীশে কাৰ্যনিৰ্বাহ কৰি আছে।