কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়িক বিষয়া য়াৰেন জুংলা লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি নিযুক্তি প্ৰদান কৰিছে। মন্ত্ৰালয়ে দেশৰ আন কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বাবেও আজি নতুন ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশ নিযুক্তি দিয়ে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে যোৱা ৪ জানুৱাৰীত লংকুমেৰৰ লগতে এগৰাকী অধিবক্তাৰ নাম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল ।
Site Admin | February 13, 2025 9:00 PM | Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেন জুংলা লংকুমেৰক নিযুক্তি