প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিৱন্ধটোত কৈছে, যে ৰাজহুৱা বেপাৰ-বাণিজ্যৰ ডিজিটেল মঞ্চ Government e Marketplace চমুকৈ GeM, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ অভিযানৰ লক্ষ্যৰ পথত গুৰুত্বপূৰ্ণ কাৰক হিচাপে পৰিগণিত হৈছে। এখন ইংৰাজী দৈনিক কাকতত লিখা এই নিবন্ধত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মঞ্চৰ জৰিয়তে বজাৰত প্ৰৱেশৰ অন্তৰায়সমূহ দূৰ হোৱাৰ লগতে দুৰ্নীতি নির্মূল হৈছে। তদুপৰি এই ব্যৱস্থাৰ ফলত বিশেষকৈ সৰু সৰু চহৰসমূহত উপান্ত শ্ৰেণীৰ লোকসকলৰ সৱলীকৰণ আৰু উন্নতি সাধনৰ লগতে কৰাতাসকলৰ বৃহৎ পৰিমাণৰ ধন সঞ্চয় হোৱাটো সম্ভৱপৰ হৈ উঠিছে।
Site Admin | May 19, 2025 9:12 PM | Akashvani | Akashvani News | GeM | Piyush Goel | PMO Modi
Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে
