September 8, 2025 9:27 PM

views 26

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে প্ৰত্যাহ্বানপূর্ণ গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো ভাৰত এখন ৰাষ্ট্ৰ হিচাপে একত্ৰিত হৈ আছে। মন্ত্ৰীগৰাকীয়ে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ ...

July 26, 2025 9:21 PM

views 36

নতুন দিল্লীত কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ সংবাদ মেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে আজি ওমানৰ সৈতে থকা ভাৰতৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ) সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি অৱগত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত বাণিজ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি ভালদৰে আগবাঢ়িছে আৰু নিউজিলেণ্ড, চিলি আৰু পেৰুৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলি আছে। তেওঁ লগতে উল্লেখ কৰে যে এই বাণিজ্যিক চুক্তিবোৰে প্ৰযুক্তিগত অংশীদাৰিত্ব অন্বেষণ কৰা আৰু এছ. টি. ই. এম.ত ভাৰতৰ শক্তিক ব্যৱহাৰ কৰাৰ সম্ভাৱ...

June 12, 2025 2:44 PM

views 34

ভাৰত-ছুইডেন বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় নীতিৰ উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ ভাষণ

ভাৰত আৰু ছুইডেনৰ অংশীদাৰিত্বই দুখন পৃথক অৰ্থনীতিৰ ৰাষ্ট্ৰই কিদৰে লক্ষ্য আৰু সহযোগিতাৰ বিনিময়েৰে পাৰস্পৰিক লাভ অৰ্জন কৰিব পাৰে, সেই কথাৰ আৰ্হি দেখুৱাই বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ছুইডেনত কালি ভাৰত-ছুইডেন বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় নীতিৰ উচ্চ পৰ্যায়ৰ বৈঠকত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰী গোৱেলে ভাৰত আৰু ছুইডেনৰ শীৰ্ষস্থানীয় ব্যৱসায়িক নেতা আৰু ছুইডেনৰ উদ্যোগ মহাসংঘৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰে। সামাজিক মাধ্যমৰ এ...

June 2, 2025 8:47 PM

views 32

৩ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ যোৱা পিয়ুছ গোৱেলে মঙলবাৰে বাণিজ্য সংস্থাৰ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ ল’ব

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰতৰ বৈদ্যুতিক বাহন আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ বজাৰত ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি পেৰিছত বিশ্বৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৩ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ যোৱা শ্রীগোৱেলে কাইলৈ বাণিজ্য সংস্থাৰ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকতো ভাগ ল'ব। ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ অৰ্থনীতি, বিত্ত আৰু উদ্যোগ মন্ত্ৰী এৰিক লম্বাৰ্ড আৰু ফ্ৰান্সৰ বাণিজ্য মন্ত্ৰী লৰিয়েণ্ট ছেইণ্ট মার্টিনৰ সৈতে দ...

May 19, 2025 9:12 PM

views 39

Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিৱন্ধটোত কৈছে, যে ৰাজহুৱা বেপাৰ-বাণিজ্যৰ ডিজিটেল মঞ্চ Government e Marketplace চমুকৈ GeM, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ অভিযানৰ লক্ষ্যৰ পথত গুৰুত্ব...

May 2, 2025 4:05 PM

views 30

চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ’ব

● বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য আৰু অৰ্থনৈতিক সুৰক্ষা বিভাগৰ ইউৰোপীয় আয়ুক্ত মাৰোশ্ব ছেভচ্চোৱিচ্চে চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ'ব বুলি দোহাৰিছে। বেলজিয়ামৰ ব্ৰুছেলছত কালি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰখনত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ হকে উভয় পক্ষই মত বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মন্ত্ৰী শ্ৰী গোৱেলে কালিৰ এই আলোচনাক অতিশয় ফলপ্রসূ বুলি অভিহিত কৰ...

April 17, 2025 10:22 AM

views 45

ভাৰত বর্ধিত বজাৰ আৰু বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতি : মন্ত্রী পীযুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে প্ৰকাশ কৰিছে যে ভাৰত এখন বর্ধিত বজাৰ আৰু বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতি। নতুন দিল্লীত কালি ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC) সন্মিলন, মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি এইদৰে কয়। শ্রীগোৱেলে কয়, যে উপযুক্ত দৰ লাভ কৰা দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য সম্পর্ক কেন্দ্ৰীয় চৰকাৰে সম্প্ৰসাৰণ কৰি আছে। তেওঁ লগতে কয়, যে ন্যায়সংগত আৰু সন্তুলিত মুক্ত বাণিজ্য চুক্তি স্থাপন কৰিব পৰা দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাত চৰকাৰে গুৰুত্ব দিছে। মন্ত্ৰীগৰাকীয়ে লগ...

March 21, 2025 10:01 AM

views 31

চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্রতিশ্রুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান মন্ত্ৰী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৪৫ হাজাৰ কোটি ডলাৰৰ সেৱা ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্রতিশ্রুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি নাছকম গোলকীয় সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রীগোৱেলে ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশত সেৱা ৰপ্তানিৰ পৰিমাণে সামগ্ৰী ৰপ্তানি চেৰ পেলাব পাৰে বুলি আৰু এই ক্ষেত্ৰত তথ্য প্রযুক্তি খণ্ডৰ অৱদান অগ্ৰণী হ'ব বুলি আশ্বাস ব্যক্ত কৰে। চলিত বৰ্ষত সেৱা ৰপ্তানী বৃদ্ধি পাই ৩৮ হাজাৰ কোটি ডলাৰৰ পৰা ৩...

October 28, 2024 8:20 PM

views 32

দুদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী পীয়ুষ গোৱেলৰ চৌদি আৰৱ ভ্ৰমণ

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিয়ুছ গোৱেলে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱ ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা আৰু বাণিজ্য, বিনিয়োগ তথা অর্থনৈতিক সহযোগিতাৰ ন-ন দিশ অন্বেষণ কৰা। এই ভ্ৰমণৰ সময়ত শ্রীগোৱেলে ৰিয়াধত আয়োজিত ভৱিষ্যত বিনিয়োগ উদ্যমৰ অষ্টম সংস্কৰণতো অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে চৌদি আৰৱৰ মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হৈ শক্তি পৰিৱৰ্তন, ডিজিটেল পৰিৱৰ্তন আৰু বাণিজ্যিক সুবিধাসমূহ অধিক...

September 20, 2024 6:17 PM

views 31

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেল দুদিনীয়া ভ্ৰমণসূচীৰে লাউচ ভ্ৰমণ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি দুদিনীয়া ভ্ৰমণসূচীৰে লাউচলৈ যাব। তাত তেওঁ ২১ সংখ্যক আছিয়ান-ভাৰত অৰ্থনীতি মন্ত্ৰীসকলৰ বৈঠক আৰু দ্বাদশ পূব এছিয়া সন্মিলন অর্থনীতি মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুয়োখন বৈঠকত অংশ লোৱাৰ আপাহতে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ বাণিজ্য মন্ত্ৰীসকলৰ সৈতে দ্বিপীক্ষিক বৈঠকত মিলিত হ'ব। শ্রী গোৱেলে লাউচৰ বাণিজ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ লগতে কোৰিয়া, মালয়েছিয়া, ছুইজাৰলেণ্ড আৰু ম্যানমাৰৰ মন্ত্ৰীকেইগৰাকীক সাক্ষাৎ কৰিব। তেওঁ ...