ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে জাগীৰোড সমজিলাৰ অন্তৰ্গত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি মধ্যাহ্ন ভোজন কৰে। শ্রীআচাৰ্যই ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তেওঁ ছাত্র-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে আধ্যাত্মিক চিন্তা-চৰ্চাৰে ভৱিষ্যতৰ সুনাগৰিক হ’বলৈ উৎসাহিত কৰে। ৰাজ্যপালগৰাকীয়ে ঝাৰগাঁৱত এটা কাৰ্যসূচীত অংশ লৈ যক্ষ্মা ৰোগীসকলৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে।
Site Admin | January 8, 2026 7:38 PM | Assam | Governor
জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ