ডাউনলোড
মোবাইল এপ

android apple
signal

April 12, 2025 1:12 PM | piysh gowel

printer

কেৱল বাণিজ্য চুক্তিৰ সময়সীমা পূৰ কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থৰ সৈতে আপোচ কৰিব নোৱাৰি বুলি পীয়ুষ গোৱেলৰ মন্তব্য

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কেৱল বাণিজ্য চুক্তিৰ সময়সীমা পূৰ কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থৰ সৈতে আপোচ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে বাণিজ্য চুক্তি দুয়োপক্ষৰ বাবে সমান সমান হোৱা উচিত। নতুন দিল্লীত নৱম বিশ্ব প্রযুক্তি সন্মিলনত ভাষণ দি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বাবে গোলকীয় বাণিজ্য পুনৰ গঠনৰ ক্ষেত্ৰত বিশেষকৈ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ দৰে বিশ্বাসযোগ্য অংশীদাৰীৰ সৈতে থকা সুযোগ সন্দৰ্ভত আলোকপাত কৰে। মুক্ত বাণিজ্য চুক্তিৰ কথা উল্লেখ কৰি শ্রীগোৱেলে কয়, যে বাণিজ্য চুক্তিৰ সময়সীমা ন্যায়সংগত আৰু দুয়ো পক্ষক পাৰস্পৰিকভাৱে উপকৃত কৰিব পৰা হ’ব লাগে। ভাৰতে সম্প্ৰতি ইউৰোপীয় সংঘ, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিভিন্ন দেশৰ সৈতে বাণিজ্য চুক্তিত কাম কৰি আছে। শ্রীগোৱেলে কয়, যে ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তিত প্ৰগতি হৈছে যদিও জলবায়ু অধিনিয়মৰ সৈতে জড়িত অ- বাণিজ্যিক বিষয়সমূহত বহু প্ৰত্যাহ্বান জড়িত হৈ আছে। আনহাতে চীনৰ সৈতে বাণিজ্য চুক্তিৰ ক্ষেত্ৰত ভাৰতে সদায় নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰ্তমান সময়ত চীনৰ পৰা অতি কম পৰিমাণৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক