গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা আৰু বিদ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰি আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ভাবুকি দিয়া চামনুৰ আলী নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আশুডুবিত উচ্ছেদ চলোৱাৰ সময়ত উচ্ছেদিতৰ আক্ৰমনত ১৪ গৰাকী বনকৰ্মী আৰু ৯ গৰাকী আৰক্ষী জোৱান আহত হৈছিল। অঞ্চলটোৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই জনাইছে।
Site Admin | July 19, 2025 10:15 PM | goalpara 10 arrest
গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ, বিদ্যালয়ত অগ্নিসংযোগ কৰা ঘটনাৰে জড়িত ১০জন লোকক গ্ৰেপ্তাৰ
