July 19, 2025 10:15 PM

views 20

গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ, বিদ্যালয়ত অগ্নিসংযোগ কৰা ঘটনাৰে জড়িত ১০জন লোকক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা আৰু বিদ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰি আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ভাবুকি দিয়া চামনুৰ আলী নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আশুডুবিত উচ্ছেদ চলোৱাৰ সময়ত উচ্ছেদিতৰ আক্ৰমনত ১৪ গৰাকী বনকৰ্মী আৰু ৯ গৰাকী আৰক্ষী জোৱান আহত হৈছিল। অঞ্চলটোৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে বুলি ...