মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে এজোপাও গছ নকটাকৈ ৰাজ্যিক চিৰিয়াখানাৰ নতুন ৰূপ দিয়া হ’ব। এই প্ৰকল্পৰ জৰিয়তে বয়োজ্যেষ্ঠজনৰ বাবে চিৰিয়াখানা ভ্ৰমণৰ সময়ত হুইল চেয়াৰৰ ব্যৱস্থা কৰা হ’ব। চিৰিয়াখানাত উন্নতমানৰ এখন পশু চিকিৎসালয়ো নিৰ্মাণ কৰা হ’ব। চিৰিয়াখানাত আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা আবণ্টন দিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু ডিব্ৰুগড়ত একোখনকৈ মুকলি চিৰিয়াখানা নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ কৰে। এবছৰৰ ভিতৰতে কাম আৰম্ভ হ’বলগীয়া শিলচৰ আৰু ডিব্ৰুগড় চিৰিয়াখানাত দৰ্শকে গাড়ীত উঠি চিৰিয়াখানা চাব পাৰিব। ডিব্ৰুগড়ৰ চিৰিয়াখানাত প্ৰকল্পৰ বাবে ২৫৯ কোটি টকা ধাৰ্য কৰাৰ লগতে ২১০ কোটি টকা ব্যয়ৰে কাছাৰৰ চিৰিয়াখানাখন নিৰ্মাণ কৰা হ’ব। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে জ্যোতিচিত্ৰবন ভ্ৰমণ কৰি ৫৬ কোটি টকা ব্যয় সাপেক্ষ এহেজাৰ আসনযুক্ত এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আৰ্হিত এটা সন্মিলন কক্ষ নিৰ্মাণ কৰা হ’ব বুলিও প্ৰকাশ কৰে।
Site Admin | January 1, 2025 9:05 PM | ghy zoo new priject 350 cr
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ
