January 22, 2026 8:06 PM | Ganesh Puja

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা-অর্চনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা-অর্চনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰা, গণেশগুৰি, লতাশিলৰ গণেশ মন্দিৰৰ উপৰি আগিয়াঠুৰিৰ গণেশ মন্দিৰতো বহু লোকে গণেশ দেবতাৰ পূজা কৰিছে। গুৱাহাটী মহানগৰীত মন্দিৰসমূহত পুৱাৰেপৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ নৱ-দিহিৰাত গণেশ পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। বড়ো জনগোষ্ঠীৰ বাথৌ আৰু ব্ৰহ্মধর্মীয় মহাযজ্ঞৰে জনগোষ্ঠীয় লোকসকলে পূজা-অৰ্চনা কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি উদ্যান কর্তৃপক্ষই গণেশ চতুর্থী উপলক্ষে হস্তী পূজাৰ আয়োজন কৰে। বনকর্মীসকলে উদ্যানখনৰ কৰ্তব্যত নিয়োজিত ৬৮ টা হাতীক পূজা-অর্চনা আগবঢ়ায়।ইপিনে, কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্রী দেবী সৰস্বতীৰ পূজা-অর্চনা কৰা হব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃণ্ময় মূৰ্তিক প্ৰাণৱন্ত কৰাৰ বাবে প্রতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠান সমুহত সৰস্বতী পূজাৰ বাবে আজিৰে পৰাই উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে।

গোৱালপাৰা জিলাতো সৰস্বতী পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত আয়োজন প্রায় সম্পূৰ্ণ হৈছে। খনিকৰ তথা মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিছে। বিশ্বনাথ জিলাতো বিদ্যাৰ অধিষ্ঠাত্রী দেবীৰ পূজাক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।