January 22, 2026 8:06 PM

views 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা-অর্চনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা-অর্চনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰা, গণেশগুৰি, লতাশিলৰ গণেশ মন্দিৰৰ উপৰি আগিয়াঠুৰিৰ গণেশ মন্দিৰতো বহু লোকে গণেশ দেবতাৰ পূজা কৰিছে। গুৱাহাটী মহানগৰীত মন্দিৰসমূহত পুৱাৰেপৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ নৱ-দিহিৰাত গণেশ পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। বড়ো জনগোষ্ঠীৰ বাথৌ আৰু ব্ৰহ্মধর্মীয় মহাযজ্ঞৰে জনগোষ্ঠীয় লোকসকলে পূজা-অৰ্চনা কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি উদ্যান কর্তৃপক্ষই গণেশ চতুর্থী উপলক্ষে...

August 27, 2025 8:48 PM

views 22

গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

পৱিত্ৰ গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে এই উৎসৱত প্রজ্ঞা আৰু বিচক্ষণতাৰ দেৱতা গণেশৰ জন্মবার্ষিকী অতি আনন্দ আৰু ভক্তিৰে পালন কৰা হয়। বাধা-বিঘিনি নাশ কৰা ভগৱান গণেশে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰি যাব বুলি তেওঁ আশা প্রকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈও ৰাইজলৈ আহ্বান জনায়। প্রধানম...

August 27, 2025 8:57 PM

views 38

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতিৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হয়। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী আৰু বীৰকুচিৰ গণেশ মন্দিৰত সিদ্ধিদাতাৰ আশীষ বিচাৰি ভক্তসকলে ভিৰ কৰে। মন্ত্ৰী পিযুষ হাজিৰকাই গণেশগুৰিৰ প্ৰসিদ্ধ গণেশ মন্দিৰত আশীষ গ্ৰহণ কৰি ৰাজ্যবাসীৰ কুশল কামনা কৰে । ফটাশিল জি এম চি নিউ ক...