October 3, 2025 12:20 PM | Death

printer

প্রবীণ গান্ধীবাদী নেতা জি জি পাৰিখৰ দেহাৱসান

প্রবীণ গান্ধীবাদী, সমাজবাদী নেতা তথা স্বাধীনতা সংগ্রামী জি জি পাৰিখৰ কালি মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। স্বাধীনতা সংগ্ৰামীগৰাকীক তেওঁৰ জীৱন কালত দুবাৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল ৷ প্ৰথমটো ১৯৪২ চনত ভাৰত ত্যাগ অন্দোলনৰ সময়ত আৰু পাছত জৰুৰী অৱস্থাৰ সময়ত । এই জটিলতাৰ পাছতো সামাজিক কাৰ্যৰ প্ৰতি তেওঁৰ নিষ্ঠা অভূতপূৰ্ব আছিল। তেওঁ ছাত্ৰ কৰ্মী হিচাপে ৰাজহুৱা সক্ৰিয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৪০ৰ দশকত সৌৰাজ্য আৰু মুম্বাইৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ ছাত্র কংগ্ৰেছৰ বম্বে গোটৰ অধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।