ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী অৱতীৰ্ণ হ’ব

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী আজি নিজ নিজ সংগীৰ সৈতে পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেটিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছৰ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বিৰুদ্ধে অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ৰাছিয়াৰ কাৰেন খাছান’ভৰ ২-৬, ০-৬, ৬-৭ গেমত পৰাস্ত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।