ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।
ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খেলখন আজি পোলেণ্ডৰ ইগা শ্বেটেক আৰু ইটালীৰ জেস্মিন পাঅ’লিনিৰ মাজত খেলোৱা হ’ব।

ভাৰতৰ শীৰ্ষ বাছনিপ্রাপ্ত সুমিত নাগলে এ টি পি হান্ড্রেড ছেলেঞ্জার্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। নাগলে কালি কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ ইভান গাখোভক ৬-১, ৭-৬, ৭-৪ ছেটত পৰাভূত কৰে।