ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ, ১১খন জিলাৰ ৩ লাখ লোক এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১১খন জিলাৰ ৭৪১খন গাঁৱৰ প্ৰায় ৩ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত ২৩জন লোকে প্ৰাণ হেৰুৱায়। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৩০টা আশ্রয় শিবিৰত প্ৰায় ২৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে৷ কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কালিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা আৰম্ভ কৰা হৈছে। শ্রীভূমি জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু লোক বানৰ কবলত পৰি শিবিৰত আশ্ৰয় লৈ আছে। বানৰ বাবে শ্রীভূমি জিলাৰ ২৭ টা সাহায্য শিবিৰত মুঠ ৭ হাজাৰ দুশৰো অধিক লোকে আশ্ৰয় লৈ আছে। চৰকাৰী সাহায্য শিবিৰৰ উপৰি জিলাখনৰ ভিন্ন স্থানত বানত ক্ষতিগ্রস্ত লোকক সাহায্য সামগ্রী বিতৰণৰ কাম অব্যাহত আছে। অৱশ্যে জিলাখনৰ বহুস্থানত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হোৱাত বদৰপুৰৰ পৰা কাটিগড় সংযোগী ফেৰীসেৱা পুনৰ আৰম্ভ কৰা হৈছে। কাছাৰ জিলাত বানৰ ফলত ২০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু দুজন লোকে প্রাণ হেৰুৱাইছে। কমেও ৭০খন গাঁৱত পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই আৰু শিলচৰৰ ২০টা আশ্রয় শিবিৰত ভালেসংখ্যক লোকে আশ্রয় লৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাম্প্রতিক বান পৰিস্থিতি উন্নত হৈছে। জিলাখনত বানৰ ফলত ৪৬খন গাঁৱৰ ১২ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে।

অধিক পঢ়ক

সকলো চাওক