নগাঁও জিলা প্রশাসনে আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা ৮ বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁ জিলাৰ সংবাদদাতাই জনোৱা মতে, গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোকে বিলখনত পাৰ বান্ধি বৃহৎ পুখুৰী খান্দি বহু বছৰ ধৰি মাছৰ ব্যবসায় কৰি আহিছিল। ইয়াৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষতি হৈছিল। প্ৰশাসনে আজি এছকেলেটৰৰ জৰিয়তে পুখুৰীৰ পাৰৰ বান্ধসমূহ ভাঙি পেলায়। বিলখন সম্পূর্ণরূপে দখলমুক্ত নোহোৱা পৰ্য্যন্ত এই উচ্ছেদ অভিযান চলি থাকিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল আৰু জলাশয়সমূহক অবৈধ দখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
Site Admin | December 19, 2025 6:46 PM | Evection | Nagoan
আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত নগাঁও জিলা প্রশাসনৰ উচ্ছেদ