ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্ৰান্সক ২-১ গলত পৰাস্ত স্পেইনৰ

জাৰ্মানীৰ মিউনিখৰ আলিয়ান্স এৰেনাত যোৱা নিশা অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক ২-১ গলত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কলো মুৱানীয়ে খেলৰ প্ৰথমাৰ্ধত দলটোৰ হৈ একমাত্ৰ গ’লটো দিয়ে। স্পেইনৰ হৈ লেমিন য়ামল আৰু জুলচ কোন্দে দুটা গ’ল দিয়ে। বি ভি বি ষ্টেডিয়ন ডর্টমুণ্ডত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি হ’ব। অহা সোমবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।