ডাউনলোড
মোবাইল এপ

android apple
signal

পৰিৱেশ কৰ্মী কুমুদ বৰুৱাক কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সম্বৰ্ধনা জ্ঞাপন

 কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয় বছৰটোৰ প্ৰতিটো দিনেই পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় ১০ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহনা যোগাইছিল। তেজপুৰ নগৰতো তেওঁ ৰোপণ কৰা ভালেসংখ্যক গছ-লতা এতিয়া জাতিষ্কাৰ হৈ উঠিছে। গছপুলি ৰোপণৰ বাবেই তেওঁ নিজৰ ভূমি আৰু বাহনো বিক্ৰী কৰি ধনৰ যোগাৰ কৰিছিল। ২০২৩ চনত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান শয্যাশায়ী হোৱা এই নিৰৱ প্ৰকৃতিপ্ৰেমীজনক পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কালি নতুন দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ।

অধিক পঢ়ক

সকলো চাওক