June 6, 2025 12:17 PM

views 31

পৰিৱেশ কৰ্মী কুমুদ বৰুৱাক কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সম্বৰ্ধনা জ্ঞাপন

 কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয় বছৰটোৰ প্ৰতিটো দিনেই পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় ১০ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহনা যোগাইছিল। তেজপুৰ নগৰতো তেওঁ ৰোপণ কৰা ভালেসংখ্যক গছ-লতা এতিয়া জাতিষ্কাৰ হৈ উঠিছে। গছপুলি ৰোপণৰ বাবেই তেওঁ নিজৰ ভূমি আৰু বাহনো বিক্ৰী কৰি ধনৰ যোগাৰ কৰিছিল। ২০২৩ চনত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান শয্যা...

June 4, 2025 8:10 PM

views 36

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কাইলৈ দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসমতো অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তকৰণ অভিযান অৰ্থাৎ‍ অদ্ভুত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে কাৰ্যসূচী লোৱা হৈছে আৰু কাইলৈৰ পৰা অহা ৩১ আগষ্টলৈ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী লোৱা হ’ব। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিৱেশ দিৱস উপলক্ষে অন্যান্য সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে বিদ্যালয়...

June 5, 2024 6:27 PM

views 27

অসমত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে গছপুলি ৰোপণৰ লগতে আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন হাইস্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে বক্তৃতানুষ্ঠানৰ উ...