December 20, 2025 7:02 PM | Death | elephant

printer

নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে’লপথত আজি পুৱতি নিশা ৰেলৰ খুন্দাত ৭ টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। তেঁও এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগ আৰু ৰেল কর্তৃপক্ষক আলোচনামর্মে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা ২ বাজি ১৭মিনিটত নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা আহত হয়। এই দুর্ঘটনাত ৰে’লখনৰ ইঞ্জিনসহ পাঁচটা দবা লাইনৰ পৰা বাগৰি পৰে। দুর্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে ৰে’লপথ অতিক্ৰম কৰাৰ সময়তে এই দুর্ঘটনাটো সংঘটিত হয়। ইয়াৰ ভিতৰত দুটা দত্তাল হাতী আৰু এজনী গর্ভবতী হাতীকে ধৰি পাঁচজনী মাইকী হাতী আছিল। ঘটনাৰ খবৰ পোৱা মাত্রেই ৰে’ল বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁলোকে তৎপৰতাৰে কাম আৰম্ভ কৰি ৰে’লপথছোৱা মুকলি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।