November 28, 2025 9:09 PM | Elephant attack

printer

বাক্সা জিলাৰ হাটখোলাত বনৰীয়া হাতীৰ আক্ৰমণত সন্তোষ কলিতা নামৰ এজন লোকৰ মৃত্যু

বাক্সা জিলাৰ হাটখোলাত বনৰীয়া হাতীৰ আক্ৰমণত আজি সন্তোষ কলিতা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱাৰে পৰা দুটা বনৰীয়া হাতীয়ে অঞ্চলটোত ঘৰ-বাৰীৰ ক্ষতি কৰি উপদ্রব কৰে। বন বিভাগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বনৰীয়া হাতীৰ উপদ্ৰবৰ বাবে আজি হাটখোলাৰ গড়আলী ভোলানাথ হাইস্কুলৰ পৰীক্ষা বাতিল কৰা হয়। ঘটনাস্থলীত সম্প্রতি মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক, শালবাৰী মহকুমাৰ আৰক্ষী বিষয়াৰ লগতে বন বিভাগৰ দলে হাতী দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিওৱাৰ চেষ্টা চলাই আছে বুলি আমাৰ বাক্সাৰ সংবাদদাতাই জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।