November 28, 2025 9:09 PM

views 16

বাক্সা জিলাৰ হাটখোলাত বনৰীয়া হাতীৰ আক্ৰমণত সন্তোষ কলিতা নামৰ এজন লোকৰ মৃত্যু

বাক্সা জিলাৰ হাটখোলাত বনৰীয়া হাতীৰ আক্ৰমণত আজি সন্তোষ কলিতা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱাৰে পৰা দুটা বনৰীয়া হাতীয়ে অঞ্চলটোত ঘৰ-বাৰীৰ ক্ষতি কৰি উপদ্রব কৰে। বন বিভাগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বনৰীয়া হাতীৰ উপদ্ৰবৰ বাবে আজি হাটখোলাৰ গড়আলী ভোলানাথ হাইস্কুলৰ পৰীক্ষা বাতিল কৰা হয়। ঘটনাস্থলীত সম্প্রতি মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক, শালবাৰী মহকুমাৰ আৰক্ষী বিষয়াৰ লগতে বন বিভাগৰ দলে হাতী দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিওৱাৰ চেষ্টা চলাই আছে বুলি আমাৰ বাক্সাৰ সংবাদদাতাই জ...

December 26, 2024 8:19 PM

views 24

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তামুলপুৰৰ লক্ষ্মী নাৰায়ণপুৰত যোৱা নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ২০টাৰো অধিক বাসগৃহ ধ্বংস কৰে। খাদ্যৰ সন্ধানত জনবসতিপূর্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা প্ৰায় ১৫টা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। অঞ্চলটোৰ বহুলোকে বন্যহস্তীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ সুৰক্ষিত স্থানত অৱস্থান কৰিছে। ইফালে গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে খুমটাইৰ এদল যুৱকে বিশেষ উদ্যোগ হাতত লৈছে। পল্লৱ গগৈ নামৰ আদৰ্শ কৃষকগৰাকীৰ নেতৃ...