ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 8:19 PM | Elephant attack

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তামুলপুৰৰ লক্ষ্মী নাৰায়ণপুৰত যোৱা নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ২০টাৰো অধিক বাসগৃহ ধ্বংস কৰে। খাদ্যৰ সন্ধানত জনবসতিপূর্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা প্ৰায় ১৫টা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। অঞ্চলটোৰ বহুলোকে বন্যহস্তীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ সুৰক্ষিত স্থানত অৱস্থান কৰিছে।

ইফালে গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে খুমটাইৰ এদল যুৱকে বিশেষ উদ্যোগ হাতত লৈছে। পল্লৱ গগৈ নামৰ আদৰ্শ কৃষকগৰাকীৰ নেতৃত্বত যুৱকৰ দলটোৱে গাঁওবাসীৰ ঘৰে ঘৰে গৈ কলগছ, ঔটেঙা, ধান আদি সংগ্ৰহ কৰি বন্যহস্তীৰ বাবে খাদ্যৰ যোগান ধৰিছে। জিলাখনৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ অংশ হিচাপে ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰিছে।

অধিক পঢ়ক

সকলো চাওক