ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় দৃষ্টিগোচৰৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ অনলাইন এপ্লিকেশ্বন মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেশ্বন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেশ্বনটোৰ জৰিয়তে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব পাৰিব। এই সৃষ্টিশীল এপ্লিকেশ্বনটোৰ জৰিয়তে নাগৰিকসকলে নির্বাচনী আচৰণ বিধি ভংগ কৰিব পৰা যিকোনো বিষয় দৃষ্টিগোচৰ হোৱা মাত্ৰেই আয়োগক অৱগত কৰিব পাৰিব। এনেধৰণৰ বিষয় এটা চি ভিজিলৰ জৰিয়তে আয়োগৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিষয়টো অনুসন্ধানৰ বাবে ফ্লায়িং স্কোৱাডলৈ আগবঢ়াই দিয়া হ’ব। নাগৰিকসকলে এতিয়া আৰু নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ লৈ সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।