March 22, 2025 7:20 PM | earth hour today

printer

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি নিশা ৮.৩০-৯.৩০ বজালৈ ধৰিত্ৰী ঘণ্টা

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ১৯০ খনতকৈও অধিক দেশত পালন কৰা ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত এই বছৰ সকলোৰে বাবে পানী শীৰ্ষক বিষয়বস্তুত গুৰুত্ব দিয়া হৈছে। আন্তৰ্জাতিক জল দিৱসৰ সৈতে সংগতি ৰাখি শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু পানী সংৰক্ষণৰ মাজত সংযোগ সৃষ্টি কৰিবলৈ এইবাৰৰ ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত চেষ্টা চলোৱা হৈছে। World Wide Fund for Nature চমুকৈ WWF INDIA নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী সফল কৰিবলৈ ভাৰত চৰকাৰে এই এঘণ্টা ব্যক্তিগত ব্যৱসায়িক আৰু অন্যান্য সংস্থাসমূহক পৰিৱেশ বহনক্ষমতা ৰক্ষাৰ বাবে প্ৰতীকীভাৱে এই কাৰ্য কৰিবলৈ আহ্বান জনাইছে। এনে ধৰণৰ সৰু অথচ গুৰুত্বপূৰ্ণ পদক্ষেপে জলবায়ু পৰিৱৰ্তন ৰোধ আৰু শক্তি সংৰক্ষণৰ অভ্যাস গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। বজালী জিলাত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস আৰু যোৰহাটত জিলা প্ৰশাসনে ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।