March 22, 2025 7:20 PM

views 19

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি নিশা ৮.৩০-৯.৩০ বজালৈ ধৰিত্ৰী ঘণ্টা

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ১৯০ খনতকৈও অধিক দেশত পালন কৰা ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত এই বছৰ সকলোৰে বাবে পানী শীৰ্ষক বিষয়বস্তুত গুৰুত্ব দিয়া হৈছে। আন্তৰ্জাতিক জল দিৱসৰ সৈতে সংগতি ৰাখি শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু পানী সংৰক্ষণৰ মাজত সংযোগ সৃষ্টি কৰিবলৈ এইবাৰৰ ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত চেষ্টা চলোৱা হৈছে। Wor...