ডাউনলোড
মোবাইল এপ

android apple
signal

September 18, 2025 7:52 PM | durga puja sop kamrup

printer

দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা জাৰি

দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত গুৱাহাটীত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক আৰক্ষী প্ৰশাসনে সকলো পথৰ নিৰ্মাণ কাৰ্য পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। পথত কোনো ধৰণৰ নিৰ্মাণ সামগ্ৰী থাকিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পথত থকা গাঁতসমূহো বিভাগে অতি সোনকালে পোতাৰ ব্যৱস্থা কৰাৰ লগতে মহনগৰীৰ পথত কোনো ধৰণৰ নতুন গাঁত খন্দা অথবা আন কোনো কাম পূজাৰ পূৰ্বে কোনো বিভাগে কৰিব নোৱাৰিব বুলিও নিৰ্দশনাটোত প্ৰকাশ কৰা হৈছে। ৰাজহুৱা স্থানত পূজামণ্ডপ নিৰ্মাণৰ বাবে প্ৰশাসনৰ অনুমতি ল’ব লাগিব বুলি নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰমাণপত্ৰ আগতিয়াকৈ প্ৰশাসনক জমা দিব লাগিব বুলিও কোৱা হৈছে। পূজা মণ্ডপত অগ্নিনির্বাপনৰ ব্যৱস্থা ৰখাৰ লগতে প্ৰতিখন পূজা সমিতিয়ে শব্দপ্ৰদূষণৰ নিয়ম মানি চলিব লাগিব বুলিও প্রশাসনে নিৰ্দেশ দিছে। প্ৰতিটো পূজা মণ্ডপত পূজা সমিতিসমূহে চিচি টিভি স্থাপনৰ লগতে নিশালৈকে পূজাস্থলীত স্বেচ্ছাসেৱক থকাৰ ব্যৱস্থা কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। পূজা সমিতিসমূহে হেল্প ডেস্ক আৰু চিকিৎসা ডেস্কৰো ব্যৱস্থা কৰিব লাগিব। তদুপৰি পূজা সমিতিৰ স্বেচ্ছাসেৱকসমূহৰ তালিকা আৰক্ষীক আগতিয়াকৈ জমা দিব লাগিব। পূজা মণ্ডপৰ ১০০ মিটাৰ ব্যাসাৰ্ধত কোনো পার্কিং জ’নৰ ব্যৱস্থা কৰিব নোৱাৰিব বুলি প্রশাসনে নির্দেশনাটোত উল্লেখ কৰিছে। লগতে বিসৰ্জনৰ সময়ত ফটকাজাতীয় সামগ্ৰী ব্যৱহাৰতো বাধানিষেধ আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে পূজাৰ নিৰ্দেশনাৱলী সন্দৰ্ভত আজি গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়।