দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কালি প্ৰচাৰ কৰা “স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো” শীর্ষক এটা বিশেষ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট লোকে স্বাধীনতাৰ অনুভৱৰ লগতে তেওঁলোকৰ প্ৰত্যাশা আৰু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন কৰা এই অনুষ্ঠানটোত ৯৭ বছৰ বয়সীয়া সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে স্বাধীনতাৰ পাছত ভাৰতে বহু দিশত অগ্রগতি লাভ কৰাৰ কথা প্ৰকাশ কৰি কয়, যে অতি শীঘ্ৰে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ মাজত এখন হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° নির্মল কুমাৰ চৌধুৰীয়ে স্বাধীনতাৰ পাছত দেশে বহু ক্ষেত্ৰত প্ৰগতি লাভ কৰিলেও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ হাৰ আশানুৰূপ হোৱা নাই বুলি মন্তব্য কৰে। ডিব্ৰুগড় জিলাৰ বয়োবৃদ্ধ নাগৰিক থুল কোঁৱৰ, প্ৰাক্তন বিধায়ক তথা মঙলদৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° নগেন শৰ্মা, মঙলদৈৰ নেতৃস্থানীয় ব্যক্তি বীৰেন্দ্ৰ কুমাৰ বৰুৱাইও স্বাধীনতা সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। বিশিষ্ট লেখিকা, আন্তর্জাতিক খ্যাতিসম্পন্ন খেলুৱৈ তথা ৰাষ্ট্ৰপতিৰ নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত সুমিত্ৰা হাজৰিকাই কয়, যে দেশৰ সকলো স্তৰৰ নাগৰিকৰ মৌলিক প্রয়োজনীয়তা পূৰণ কৰিব পাৰিলেহে দেশে সঁচা অৰ্থত স্বাধীনতা লাভ কৰিব।
Site Admin | August 17, 2025 12:54 PM | dristipat air ghy
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকৰ স্বাধীনতাৰ অনুভৱ, প্ৰত্যাশা আৰু অভিজ্ঞতাৰ কথা প্ৰকাশ
