August 17, 2025 12:54 PM
10
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকৰ স্বাধীনতাৰ অনুভৱ, প্ৰত্যাশা আৰু অভিজ্ঞতাৰ কথা প্ৰকাশ
দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কালি প্ৰচাৰ কৰা "স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো" শীর্ষক এটা বিশেষ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট লোকে স্বাধীনতাৰ অনুভৱৰ লগতে তেওঁলোকৰ প্ৰত্যাশা আৰু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন কৰা এই অনুষ্ঠানটোত ৯৭ বছৰ বয়সীয়া সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে স্বাধীনতাৰ পাছত ভাৰতে বহু দিশত অগ্রগত...