ৰাজ্যৰ জিলাসমূহত ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কালি ড° অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান কবিতাটি সমুহীয়াভাৱে আবৃত্তি কৰা হয়। এই উপলক্ষে তেজপুৰত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত দুই-শতাধিক লোকে কবিতা আবৃত্তি কৰি শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনায়। আয়োজিত বিশেষ কাৰ্যসূচীত ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ।
মঙলদৈত আজি শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে চাৰি শতাধিক নবীন-প্রবীণ আবৃত্তিকাৰে কবিতাটি আবৃত্তি কৰিব। গোৱালপাৰা জিলাত বিভিন্ন দল-সংগঠনে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। পুৱা জিলা আয়ুক্ত কাৰ্যালয়ত শ্রদ্ধাঞ্জলি অনুষ্ঠান, বিয়লি নটসূৰ্য ফণী শৰ্মা ভৱনত স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গোৱালপাৰা মহাবিদ্যালয়ত আজি ডেৰ শতাধিক আবৃত্তিকাৰে ‘মৃত্যু জিনাৰ গান’ কবিতাটি পৰিবেশন কৰিব। কামৰূপ জিলাত এই উপলক্ষে মানৱ শৃংখল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।