November 4, 2025 10:48 AM

views 85

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন

● ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কামৰূপ জিলাৰ জিলা সংহত কাৰ্যালয়ৰ সন্মুখত কাইল...

September 8, 2025 12:32 PM

views 34

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান কবিতাটি সমুহীয়াভাৱে আবৃত্তি

ৰাজ্যৰ জিলাসমূহত ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কালি ড° অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান কবিতাটি সমুহীয়াভাৱে আবৃত্তি কৰা হয়। এই উপলক্ষে তেজপুৰত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত দুই-শতাধিক লোকে কবিতা আবৃত্তি কৰি শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনায়। আয়োজিত বিশেষ কাৰ্যসূচীত ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে । মঙলদৈত আজি শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে চাৰি শতাধিক নবী...

September 4, 2025 7:14 PM

views 37

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত ৭ ছেপ্তেম্বৰত চাইক্ল’থনৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিব্ৰুগড় জিলাত অহা ৭ ছেপ্তেম্বৰত চাইক্ল’থনৰ আয়োজন কৰা হৈছে। প্ৰদূষণমুক্ত সেউজ পৰিৱেশ গঢ়ি তোলাৰ লগতে চাইকেল চলোৱাৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে চাইক্ল’থনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপ-সভানেত্ৰী, শিল্পী মনিষা হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

September 4, 2025 11:29 AM

views 37

৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড০ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ড০ দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ...

August 28, 2025 7:01 PM

views 37

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্রী চাওনা মেইনেও অংশগ্ৰহণ কৰা এই বৈঠকত শতবৰ্ষ উদযাপনৰ পৰিকল্পিত কাৰ্যসূচী সমূহৰ বিষয়ে আলোচনা কৰা হয়। অহা ৮ ছেপ্তেম্বৰৰ পৰা হবলগীয়া শতবর্ষ উদযাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড০ শৰ্মাই উদযাপন কাৰ্যসূচীৰ সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট ব...

August 27, 2025 8:01 PM

views 23

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বিশেষ এটি স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ এশ টকাৰ মূল্যৰ এটি স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা বার্তাযোগে এই কথা প্ৰকাশ কৰে। তেওঁ এই পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

August 1, 2025 6:46 PM

views 54

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিকভাৱে পোৰ্টেল মুকলি

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পোৰ্টেল মুকলি কৰে। পোৰ্টেল মুকলিৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৫ ছেপ্তেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি ৫.৩০ বজাত হ'বলগীয়া ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হ...

June 7, 2025 7:11 PM

views 39

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন অনুষ্ঠিত হ'ব। অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড° ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে।

November 5, 2024 2:09 PM

views 33

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা চাৰে ৯ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্রী অজন্তা নেওগ মুখ্য অতিথি ...