ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 5, 2025 8:43 PM | Donald Trump

printer

আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ শুল্ক সন্দৰ্ভত ১২ খন দেশলৈ ডোনাল্ড ট্রাম্পৰ পত্ৰ প্ৰেৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰী ক্ষেত্ৰত বিভিন্ন স্তৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ১২ খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি ঘোষণা কৰিছে। তেওঁ এই প্ৰস্তাৱক গ্ৰহণ কৰক নাইবা ত্যাগ কৰক সুযোগ হিচাপে অভিহিত কৰিছে। অহা সোমবাৰে এই প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব। এই পত্ৰসমূহত ভিন ভিন শুল্ক, দৰ আৰু ৰাশি অন্তৰ্ভুক্ত কৰা হৈছে বুলি ট্রাম্পে সংবাদ মাধ্যমৰ আগত জনায়। তেওঁ কোনো কোনো ক্ষেত্ৰত এই শুল্ক ৭০ শতাংশলৈকে বৃদ্ধি হ’ব বুলি সংকেত দিয়াৰ লগতে অহা ১ আগষ্টৰ পৰা এই শুল্ক কার্যকৰী হ’ব পাৰে বুলি আভাস দিয়ে। যোৱা এপ্ৰিলত ট্রাম্পে অধিকাংশ আমদানিকৃত সামগ্রীতে ১০ শতাংশ শুল্ক আৰোপ কৰিছিল। চীনকে ধৰি আন কেইবাখনো দেশৰ সামগ্ৰীত এই উচ্চ হাৰৰ শুল্ক আৰোপ কৰা হৈছে। অৱশ্যে ৯ জুলাইলৈকে অস্থায়ীভাৱে এই উচ্চ হাৰৰ শুল্ক স্থগিত ৰখা হৈছিল। ব্ৰিটেইন আৰু ভিয়েটনামৰ সৈতে আমেৰিকাই ইতিমধ্যে বাণিজ্যিক চুক্তিক চূড়ান্ত ৰূপ দিছে। এতিয়ালৈকে ভাৰতে এই সন্দৰ্ভত কোনো ধৰণৰ চুক্তি কৰা নাই । ভাৰতৰ কৃষি আৰু দুগ্ধজাতীয় সামগ্ৰীৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদানৰ বাবে আমেৰিকাই বিশেষ দাবী জনাই আহিছে যদিও ইয়াৰ ফলত ক্ষুদ্ৰ কৃষকসকলৰ ওপৰত পৰিব পৰা প্ৰভাবৰ বাবে ভাৰতে ইয়াক অতি সংবেদনশীল বিষয় হিচাপে গণ্য কৰি আহিছে। ৯ জুলাইৰ পূৰ্বে আভ্যন্তৰীণ বুজাবুজিৰ জৰিয়তে ট্ৰাম্পে প্ৰস্তাৱ দিয়া ২৬ শতাংশ শুল্ক ভাৰতে পৰিহাৰ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। বস্ত্ৰ আৰু জোতাৰ দৰে সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰতো শুল্ক হ্রাস কৰাৰ বাবে ভাৰতে অনুৰোধ জনাইছে। অৱশ্যে ভাৰতে সময়সীমাৰ হেঁচাত হুৰমুৰকৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে বুলি বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় হিতৰ কথা চিন্তা কৰিলে দেশে যিকোনো ধৰণৰ চুক্তিত স্বাক্ষৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।