ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ’ব। এই সমাৰোহত ৰাজ্যৰ শিক্ষা, সাহিত্য আৰু সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱা নাহেন্দ্ৰ পাদুনক ডি.লিট আৰু প্লাজমা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক ডি.এচ.চি প্ৰদান কৰা হব। মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ড° ৰূপম শৰ্মা অতিথি হিচাপে উপস্থিত থাকিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পৌৰহিত্য কৰিবলগীয়া দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচী ১২ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই জানিবলৈ দিছে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।