July 24, 2025 6:32 PM

views 43

ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্ৰী থাকিব পৰাকৈ অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্ৰী থাকিব পৰা এটা অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আবাস প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। আজিৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্ৰায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই প্রথমেই ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচন...

June 16, 2025 1:43 PM

views 35

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ উল্লেখনীয় সফলতা লাভ

যোৰহাটৰ বাহনা মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উল্লেখনীয় সফলতা লাভ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা নাজিবে বিশ্ববিদ্যালয়ৰ ভিতৰত চতুর্থ স্থান, পবান মিলিয়ে পঞ্চম স্থান আৰু জিন্টু বৰাই চতুর্দশ স্থান লাভ কৰিছে। পদার্থ বিজ্ঞানত বর্নম জ্যোতি দত্তই সপ্তম স্থান আৰু ৰক্তিম ৰঞ্জন কলিতাই অষ্টম স্থান লাভ কৰিছে। গণিত বিভাগত নৱজ্যোতি নেওগে পঞ্চম স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।  

March 10, 2025 1:25 PM

views 30

কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ'ব। এই সমাৰোহত ৰাজ্যৰ শিক্ষা, সাহিত্য আৰু সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱা নাহেন্দ্ৰ পাদুনক ডি.লিট আৰু প্লাজমা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক ডি.এচ.চি প্ৰদান কৰা হব। মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ড° ৰূপম শৰ্মা অতিথি হিচাপে উপস্থিত থাকিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পৌৰহিত্য কৰিবলগীয়া দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচী ১২ বাজি ৩০ ...

February 28, 2025 1:29 PM

views 26

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত

জাপানী ভাষাৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই কালি এই মহোৎসৱৰ শুভাৰম্ভ কৰে। এই মহোৎসৱত জাপানৰ ভাষা-সাহিত্য, সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। জাপান ফাউণ্ডেচনৰ সহযোগত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনত জাপানী ভাষাৰ শিক্ষাৰ প্ৰতি যুৱক-যুৱতীসকলক আগ্ৰহী কৰি তোলাৰ প্ৰ...

May 11, 2024 6:24 PM

views 39

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...