ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 8:08 PM | Dibrugarh medical

printer

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সর্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সর্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সর্বোৎকৃষ্ট কেন্দ্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনে সমগ্ৰ দেশৰ চিকিৎসা ক্ষেত্ৰখনত নিজৰ নাম উজ্বলাই তুলিবলৈ সমৰ্থ হৈছে। অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ ১৫ খন উৎকৃষ্ট কেন্দ্ৰৰ ভিতৰত এখন হিচাপে পৰিগণিত হোৱাৰ লগতে ই চিকিৎসা সেৱা আৰু গৱেষণাৰ ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰিলে। এনে সাফল্যৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাকে ধৰি সকলো অধ্যাপক- অধ্যাপিকাই আনন্দ প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।