August 27, 2025 8:08 PM

views 17

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সর্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সর্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সর্বোৎকৃষ্ট কেন্দ্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনে সমগ্ৰ দেশৰ চিকিৎসা ক্ষেত্ৰখনত নিজৰ নাম উজ্বলাই তুলিবলৈ সমৰ্থ হৈছে। অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ ১৫ খন উৎকৃষ্ট কেন্দ্ৰৰ ভিতৰত এখন হিচাপে পৰিগণিত হোৱাৰ লগতে ই চিকিৎসা সে...

March 20, 2025 6:56 PM

views 16

চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল সন্মানিত

 ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিছাৰ্চ কানেক্ট নামৰ সংস্থাৰ দ্বাৰা চলোৱা গৱেষণাত একেৰাহে দ্বিতীয় বছৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে। আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিকিৎসা মহাবিদ্যালয়খনক এই সন্মান প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে এই সন্মান গ্রহণ কৰে। অনুষ্ঠানত নীতি আয়োগৰ সদস্য, প্রখ্যাত চিকিৎসক ডাঃ ভি কে পল, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ বি এন গংগাধৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিস...