ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 20, 2025 6:56 PM | Dibrugarh medical

printer

চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল সন্মানিত

 ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিছাৰ্চ কানেক্ট নামৰ সংস্থাৰ দ্বাৰা চলোৱা গৱেষণাত একেৰাহে দ্বিতীয় বছৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে। আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিকিৎসা মহাবিদ্যালয়খনক এই সন্মান প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে এই সন্মান গ্রহণ কৰে। অনুষ্ঠানত নীতি আয়োগৰ সদস্য, প্রখ্যাত চিকিৎসক ডাঃ ভি কে পল, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ বি এন গংগাধৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্মান লাভ কৰাৰ বাবে চিকিৎসা প্রতিষ্ঠানটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।