যোৰহাটৰ বাহনা মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উল্লেখনীয় সফলতা লাভ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা নাজিবে বিশ্ববিদ্যালয়ৰ ভিতৰত চতুর্থ স্থান, পবান মিলিয়ে পঞ্চম স্থান আৰু জিন্টু বৰাই চতুর্দশ স্থান লাভ কৰিছে। পদার্থ বিজ্ঞানত বর্নম জ্যোতি দত্তই সপ্তম স্থান আৰু ৰক্তিম ৰঞ্জন কলিতাই অষ্টম স্থান লাভ কৰিছে। গণিত বিভাগত নৱজ্যোতি নেওগে পঞ্চম স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।