ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে ডায়েৰীয়াত আক্ৰান্ত হৈ কোনো শিশুৰ যাতে মৃত্যু নহয় তাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত নৱজাতকৰ পৰা ৫ বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱা হ’ব। জিলাখনৰ আশাকৰ্মীসকলে শিশু থকা পৰিয়ালৰ ঘৰে ঘৰে গৈ অ’ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰিব। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ সাতগাঁৱৰ ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজিৰ পৰা ডায়েৰীয়া প্ৰতিৰোধ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধুৱাৰ লগতে বিশুদ্ধ পানী সেৱনৰ গুৰুত্ব সম্পর্কে কাৰ্যসূচীত আলোচনা কৰা হ’ব। অহা ২৫ আগষ্টলৈ এই কাৰ্যসূচী অব্যাহত থাকিব। ডায়েৰীয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে কামৰূপ জিলাৰ দলৈতোলা প্রাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ডায়েৰীয়া প্ৰতিৰোধ ব্যৱস্থা আৰু চিকিৎসা সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। জিলাখনৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকৰ লগতে স্বাস্থ্যকর্মী, আশাকর্মী, অংগনৱাড়ী কর্মীয়ে এই সভাত অংশগ্ৰহণ কৰে। শিৱসাগৰৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনত ৪৫ দিনীয়া কাৰ্যসূচীৰে ডায়েৰীয়া নির্মূল অভিযান ২০২৫ অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে জিলাখনত ডায়েৰীয়া নিৰ্মূলকৰণৰ বাবে ব্যাপক ৰূপত কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। ডায়েৰীয়া নির্মূল অভিযানৰ সৈতে সংগতি ৰাখি বৰপেটাতো বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তই এটি শিশুক ডায়েৰীয়া প্ৰতিৰোধী প্ৰতিষেধক সেৱন কৰাই ডায়েৰীয়া প্ৰতিৰোধ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অহা আগষ্ট মাহলৈ চবিলগীয়া এই অভিযানত আশাকর্মীসকলে শিশু থকা ঘৰলৈ গৈ প্ৰতিষেধক প্ৰদান কৰিব। অংগনৱাড়ী কৰ্মীসকলেও শিশুসকলক লৈ ডায়েৰীয়া প্ৰতিৰোধৰ ব্যৱস্থাৱলী ৰূপায়ণ কৰিব। স্বাস্থ্য বিভাগৰ দলেও অংগনৱাড়ী কেন্দ্ৰসমূহলৈ গৈ শিশুসকলক স্বাস্থ্য পৰীক্ষা কৰি প্রয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। বজালী জিলাত স্বাস্থ্য বিষয়া ডাঃ দিপ্তী চৌধুৰীয়ে আনুষ্ঠানিকভাৱে ডায়েৰীয়া প্ৰতিৰোধী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই সজাগতামূলক কাৰ্যসূচী আজিৰ পৰা দুমাহ পৰ্যন্ত চলিব।
Site Admin | July 10, 2025 10:36 PM | diarrhea assam govt
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান