March 13, 2025 8:21 PM | dhemaji rape jail

printer

ধেমাজিত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত তিনিজন লোকক কাৰাদণ্ড

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি বৰবাম দিহিঙীয়া গাঁৱৰ নিৰেন চুতীয়া নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত ৩ বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। ২০২১ চনত এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণৰ গোচৰত নিৰেন চুতীয়াৰ বিৰুদ্ধে গোগামুখ থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তি-তর্ক শুনাৰ পাছত অভিযুক্ত চুতীয়াক দোষী সাব্যস্ত কৰে আৰু আজি তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰে। আনহাতে ২০২২ চনত একেখন গাঁৱতে সংঘটিত আন এটা ধৰ্ষণৰ গোচৰ সম্পৰ্কত আজি একেখন আদালতেই দীপাংকৰ গোহাঁই নামৰ আন এজন অভিযুক্তক ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দানৰ লগতে ৩০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা আদায় নিদিলে ২ বছৰৰ অতিৰিক্ত কাৰাদণ্ড দিয়া হ’ব। ২০২২ চনত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত দীপাংকৰ গোহাঁইৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি ২০২১ চনত জোনাই আৰক্ষী থানাত ৰুজু হোৱা আন এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্ত চিলাপথাৰৰ ১ নম্বৰ দেৱেন্দ্ৰ নগৰৰ আনন্দ দাসক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি ২০ হাজাৰ টকাৰ জৰিমনা বিহে। আদালতে এই দুয়োগৰাকী অভিযুক্তক পকছ’ আইনৰ অধীনত দোষী সাব্যস্ত কৰি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।