March 13, 2025 8:21 PM

views 40

ধেমাজিত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত তিনিজন লোকক কাৰাদণ্ড

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি বৰবাম দিহিঙীয়া গাঁৱৰ নিৰেন চুতীয়া নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত ৩ বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। ২০২১ চনত এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণৰ গোচৰত নিৰেন চুতীয়াৰ বিৰুদ্ধে গোগামুখ থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী ...