ৰাজহ, দুর্যোগ প্রশমন, তথ্য প্রযুক্তি তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি ধেমাজি আয়ুক্ত কার্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা সন্দৰ্ভত আলোচনা কৰে। ধেমাজী আৰু মাজুলী জিলাৰ প্ৰশাসনিক বিষয়াবৰ্গৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্রদান কৰে। মন্ত্ৰী শ্ৰীমহন্তই সম্ভাৱ্য বান পৰিস্থিতিৰে ক্ষিপ্ৰতাৰে মোকাবিলা কৰি জনসাধাৰণক তাৎক্ষণিকভাৱে সকাহ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্রদান কৰে। পৰ্যালোচনা সভাত জিলা দুখনত চলি থকা বসুন্ধৰা তৃতীয় সংস্কৰণৰ অগ্ৰগতিৰ সন্দৰ্ভতো প্ৰশাসনৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰি ক্ষিপ্ৰতাৰে কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। বানৰ লগত মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সষ্টম বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। তেওঁ কয়, যে ধেমাজিত ৩০ জনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন বিভাগৰ দল, ৰাজ্যিক দুৰ্যোগ প্রশমন বাহিনী আৰু উদ্ধাৰকাৰ্যত ব্যৱহৃত নাও সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে। আজিৰ এই পৰ্যালোচনা বৈঠকত জোনাইৰ বিধায়ক ভূৱন পেগুয়েও অংশগ্ৰহণ কৰে।
Site Admin | May 24, 2025 6:47 PM | Demaji
ধেমাজি আয়ুক্ত কার্যালয়ত কেশৱ মহন্তৰ পর্যালোচনা বৈঠক