May 24, 2025 6:47 PM

views 13

ধেমাজি আয়ুক্ত কার্যালয়ত কেশৱ মহন্তৰ পর্যালোচনা বৈঠক

ৰাজহ, দুর্যোগ প্রশমন, তথ্য প্রযুক্তি তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি ধেমাজি আয়ুক্ত কার্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা সন্দৰ্ভত আলোচনা কৰে। ধেমাজী আৰু মাজুলী জিলাৰ প্ৰশাসনিক বিষয়াবৰ্গৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্রদান কৰে। মন্ত্ৰী শ্ৰীমহন্তই সম্ভাৱ্য বান পৰিস্থিতিৰে ক্ষিপ্ৰতাৰে মোকাবিলা কৰি জনসাধাৰণক তাৎক্ষণিকভাৱে সকাহ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্রদান কৰে। পৰ্...