কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হয়। অন্ত্যেষ্টিক্রিয়াত ভালেসংখ্যক গুণমুগ্ধ আৰু সংবাদকর্মী উপস্থিত থাকে। ইয়াৰ আগেয়ে দিনৰ ভাগত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ অনা হয় আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ লগতে আন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সতীৰ্থগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পন কৰে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বর্ষীয়ান সাংবাদিক গৰাকীৰ কালি বিয়লি গুৱাহাটীৰ এখন হাস্পতালত ৮৯ বছৰ বয়সত দেহাৱসান ঘটে। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তর্জাতিক পর্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসে ১৯৭৯ৰ পৰা ১৯৮৪ চনলৈ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ যোজনা আৰু পয়োভৰাৰ জ্যেষ্ঠ সংবাদদাতা, ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ আঞ্চলিক বিষয়া, প্ৰেছ ইনফৰমেছন ব্যুৰোৰ উপ প্রধান তথ্য বিষয়া আদি বিভিন্ন গুৰুত্বপূৰ্ণ পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত দাসে শ্ৰীলংকাৰ কলম্বোত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰৰ পাছত তেওঁ কেইবাবছৰো আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অতিথি অধ্যাপক হিচাপে কাম কৰাৰ উপৰি কেইবাটাও ব্যক্তিগত গণমাধ্যমৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত জ্যেষ্ঠ প্রশিক্ষক হিচাপেও কাম কৰিছিল।