পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলিন ৰংপিপি নামৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ চিকিৎসকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা শোকবার্তাত কাৰ্বি সমাজে চিকিৎসকগৰাকীৰ অৱদান সদায় মনত ৰাখিব বুলি উল্লেখ কৰে। চিকিৎসাবৃত্তিৰ সমানে সমানে সাংস্কৃতিক ক্ষেত্ৰতো দখল থকা চিকিৎসকগৰাকীৰ কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী- ঢেৰেকনীৰ বাবে ইনভাৰ্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি থিতাতে মৃত্যু হয়। ডাঃ ৰূপলিন ৰংপিপি ওমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত অতি দুর্গম অঞ্চল ক্ৰকেংদাঙত সমূহীয়া চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল।
ইপিনে কালি বিজুলী-ঢেৰেকনীত বৈথালাংছোৰ পুঞ্জা গাঁৱৰ ভালেকইগৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনাইছে।