August 1, 2025 11:27 AM | Darrang

printer

স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যর্থনা অনুষ্ঠানলৈ দিপ্তী চহৰীয়াৰ আমন্ত্রণ লাভ

দৰং জিলাৰ জলজলি গৰিয়াপাৰ গাঁওনিবাসী কৃষি উদ্যোগী দিপ্তী চহৰীয়াসহ দেশৰ মুঠ ৮ গৰাকী বিশিষ্ট ব্যক্তিয়ে স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যর্থনা অনুষ্ঠানলৈ আমন্ত্রণ লাভ কৰিছে। কালি মঙলদৈ ডাক বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে দিপ্তী চহৰীয়াক নিজা বাসভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ নিমন্ত্রণী পত্ৰখন প্ৰদান কৰে। চিৰ সেউজী মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালক দিপ্তী চহৰীয়াই এই আমন্ত্ৰণৰ বাবে আনন্দ প্ৰকাশ কৰি কৃষি বিভাগক ইয়াৰ বাবে ধন্যবাদ জনায়।