December 2, 2025 7:51 PM

views 16

দৰঙৰ খাৰুপেটীয়াত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত অনন্ত বিশ্বাস নামৰ এজনক আটক

দৰং জিলাৰ অন্যতম ব্যৱসায়িক নগৰ- খাৰুপেটীয়াত যোৱা নিশা সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীয়ে নগৰখনৰ গোপাল নগৰস্থিত অলংকাৰ বিক্ৰী প্ৰতিষ্ঠান- প্ৰমীলা জুৱেলাৰীৰ স্বত্বাধিকাৰ অনন্ত বিশ্বাসক আটক কৰিছে। দৰঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে কালিৰ গুলীচালনাত আহত মুন্না সাহা আৰু অভিযুক্ত অনন্ত বিশ্বাসৰ মাজত ধনৰ লেনদেন আছিল আৰু ধাৰে দিয়া ধন মুন্না সাহাই বিচৰাৰ বাবেই যোৱা নিশা দুয়োৰে মাজত মতানৈক্য হৈছিল। দুয়োৰে মাজৰ টনা আঁজোৰাৰ বাব...

August 1, 2025 11:27 AM

views 14

স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যর্থনা অনুষ্ঠানলৈ দিপ্তী চহৰীয়াৰ আমন্ত্রণ লাভ

দৰং জিলাৰ জলজলি গৰিয়াপাৰ গাঁওনিবাসী কৃষি উদ্যোগী দিপ্তী চহৰীয়াসহ দেশৰ মুঠ ৮ গৰাকী বিশিষ্ট ব্যক্তিয়ে স্বাধীনতা দিৱসৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অভ্যর্থনা অনুষ্ঠানলৈ আমন্ত্রণ লাভ কৰিছে। কালি মঙলদৈ ডাক বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে দিপ্তী চহৰীয়াক নিজা বাসভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ নিমন্ত্রণী পত্ৰখন প্ৰদান কৰে। চিৰ সেউজী মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালক দিপ্তী চহৰীয়াই এই আমন্ত্ৰণৰ বাবে আনন্দ প্ৰকাশ কৰি কৃষি বিভাগক ইয়াৰ বাবে ধন্যবাদ জনায়।

July 13, 2025 12:39 PM

views 20

দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্তেম্বৰৰ অসম ভ্ৰমণৰ সময়ত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে প্রধানমন্ত্রীয়ে সেই দিনটোত দৰঙৰ পুনিয়াৰ পৰাই প্ৰায় ৮ হাজাৰ কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব। একেটা অনুষ্ঠানতেই নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰা হ’ব বুলি মুখ্যম...

November 25, 2024 8:19 PM

views 22

দৰংত পৰম্পৰাগত পদ্ধতিৰ সৈতে ৰেচম পলু পালনৰ আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ

দৰং জিলা ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ যৌথ উদ্যোগত আৰু ৰেচম বিভাগৰ কাৰিকৰীৰ সহযোগত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলত বৰ্তমান পৰম্পৰাগত পদ্ধতিৰ সৈতে ৰেচম পলু পালনৰ আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই ৰেচম উৎপাদনৰ নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোৰ শ’লপাম, বছা চুবা, গৰকামৰা আৰু খাচ সোণাপুৰ গাঁৱৰ মহিলাসকলক ৰেচম বিভাগে উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ পাছত পাৰ্ট পলু আৰু এৰী পলু পালনৰ কামত নিয়োজিত কৰা হৈছে। তেওঁলোকক প্ৰদান কৰা প্ৰতি পেকেট অধিক উৎপাদনক্ষম ৰেচম বীজৰ পৰা এমাহৰ ভিতৰত কম...

November 22, 2024 8:10 PM

views 26

দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়লৈ নাক-এ গ্রেড প্ৰদান

ৰাষ্ট্ৰীয় স্বীকৃতি আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক-এ দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়লৈ এ-গ্রেড প্ৰদান কৰিছে। আজি মহাবিদ্যালয় কর্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ফলাফল লাভ কৰে। এই আশাব্যঞ্জক ফলাফলে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু প্ৰাক্তন শিক্ষাৰ্থীক আনন্দিত কৰি তুলিছে। উল্লেখযোগ্য যে যোৱা ১২ আৰু ১৩ ছেপ্তেম্বৰত নাকৰ এটা তিনিজনীয়া প্রতিনিধি দলে শিক্ষানুষ্ঠানখন পৰিদৰ্শন কৰিছিল।