ডাউনলোড
মোবাইল এপ

android apple
signal

March 10, 2025 12:22 PM | Damudardev tithi

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ

মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী লোৱা হৈছে। মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে তেওঁৰ দ্বাৰা স্থাপিত পাটবাউসী সত্ৰৰ লগতে বিভিন্ন সত্ৰসমূহত ধর্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হব। হাজোৰ ৰামদিয়াত মহাপুৰুষজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰৰ্পণ, গছপুলি ৰোপন আদি কৰা হয়। আজি ঊষা কীৰ্তনেৰে কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ পাছতে নাম প্ৰসংগ, হোম- যজ্ঞকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হব। বজালীৰ ভালুকী সত্ৰৰ লগতে মহাপুৰুষজনাৰ প্ৰপন্ন শিষ্য ভগৱান দেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গোবিন্দপুৰৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰতো আজি ধৰ্মীয় কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৰক্ষেত্ৰৰ কান্ডি অঞ্চলটো কালিৰে পৰা মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ দামোদৰ দেৱৰ পৱিত্ৰ জয়ন্তী উপলক্ষে সেৱা জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে গুৰুজনাৰ ভক্তি, সেৱা তথা সংস্কাৰৰ আদৰ্শই সকলোৰে অন্তৰাত্মা আলোকিত কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক