March 10, 2025 12:22 PM

views 17

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ

মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী লোৱা হৈছে। মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে তেওঁৰ দ্বাৰা স্থাপিত পাটবাউসী সত্ৰৰ লগতে বিভিন্ন সত্ৰসমূহত ধর্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। হাজোৰ ৰামদিয়াত মহাপুৰুষজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰৰ্পণ, গছপুলি ৰোপন আদি কৰা হয়। আজি ঊষা কীৰ্তনেৰে কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ পাছতে নাম প্ৰসংগ, হোম- যজ্ঞ...