কোভিডৰ সময়ছোৱাত টীকা লোৱা লোকৰ মাজত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক দলৰ গৱেষণা চলোৱাৰ সিদ্ধান্ত

◊ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাই নিজাববীয়াকৈ কোভিড সময়ছোৱাত টীকা লোৱা লোকৰ মাজত গৱেষণা চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই সম্পর্কে চিকিৎসা মহাবিদ্যালয়খনৰ গৱেষক ছাত্র ডা০ শ্যামজিৎ লক্ষ্মণে জানিবলৈ দিয়ে যে কোভিডৰ টীকা লোৱাৰ পাছত আকস্মিক আৰু অস্বাভাৱিকভাৱে মৃত্যু হোৱা বা নোহোৱা সন্দৰ্ভত পুংখানুপুংখভাৱে গৱেষণা কৰা হ’ব। কোভিডৰ টীকাৰ পাৰ্শ্বক্ৰিয়াক লৈ অব্যাহত থকা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত মাহৰ দ্বিতীয় সপ্তাহৰ পৰা দলটোৱে গৱেষণাৰ কাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে। কোভিডৰ টীকা লোৱা লোকসকলে ইয়াৰ জৰিয়তে নিজেই আশংকামুক্ত হোৱাৰ লগতে সমাজকো শুদ্ধ তথ্য যোগান ধৰিব পাৰিব। অসম চিকিৎসা মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰ ড০ শ্ৰীমন্ত মাধৱ বৰুৱা, মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডা০ মৃগাংক শেখৰ চলিহা, হৃদৰোগ বিভাগৰ মুৰববী অধ্যাপক ড০ প্ৰণামী বৰা, ৰেডিঅ’ল’জী বিভাগৰ অধ্যাপক ডা০ আনিজ হাজাৰক লৈ এই গৱেষণাৰ দলটো গঠন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।